, 46 tweets, 7 min read Read on Twitter
In his rendering in Assamese of the 5th book, chapters 16-26, of the Bhagavata, dealing with "bhuvana kosa," the description of the various realms of the creation, Aniruddhadeva writes:
॥ভুৱন-কোষ॥
॥মেৰুৰ অৱস্থা বৰ্ণন॥
যিটো কহি আছা ইটো পৃথিৱী মণ্ডল ।
প্ৰকাশে সূৰ্য্যৰ ৰশ্মিপু্ঞ্জ যত স্থল ॥
প্ৰিয়ব্ৰত নৃপতিৰ ৰথচক্ৰ ফুৰি ।
ভৈল সাত গোটা গৰ্ত্ত চৌপাশে আৱৰি ॥৫৬৭॥
তাতে ভাগে ভাগেভৈল সপত সাগৰ ।
মাজে মাজে ভৈল তাত বিভাগ দ্বীপৰ ॥
এসম্বাৰ প্ৰমাণ লক্ষণ যিবা চিহ্ন ।
পুছো গুৰু বুজিবাক কৰি ভিন্ন ভিন্ন ॥৫৬৮॥
ঈশ্বৰৰ ইটো স্থূল বিৰাট ৰূপত ।
প্ৰৱেশ কৰোৱা মন শুনন্তে সতত ॥
সূক্ষ্মতম ব্ৰহ্ম বাসুদেৱত সদায় ।
কিছু কিছু কৰি মন প্ৰৱেশিবে যায় ॥৫৬৯॥
হেন মহা ফল আছে ইহাৰ শ্ৰৱণে ।
ইহাকেহে শুনিবাক ৰঙ্গ কৰো মনে ॥
যদি গুণময় হোৱে বিৰাটৰ কথা ।
তথাপি কহিবে যোগ্য হোৱয় সৰ্ব্বথা ॥৫৭০॥
হেন শুনি শুকে লৈল কহিবে ৰাজাত ।
কৃষ্ণৰ বিভূতি মায়া গুণ অসংখ্যাত ॥
আছে নানাবিধ স্থান ইটো ভুৱনত ।
প্ৰকাশে সমস্ত বিৰাটৰ শৰীৰত ॥৫৭১॥
দেৱৰ সমান পৰমায়ু হৱে যাৰ ।
সাৱশেষে নাম ৰূপ কহিবে ইহাৰ ॥
সিয়ো পুৰুষেও অন্ত কৰিতে নপাৰে ।
আনজনে কৈত আৰ কহিবাক পাৰে ॥৫৭২॥
হেন ইটো ভূগোলৰ বিচাৰ প্ৰধান ।
নামৰূপ লক্ষণক কৰিবো ব্যাখ্যান ॥
সাৱধানে শুনা কৰি মনত সন্তোষ ।
ইটো ভূমিখান যেন ভৈল পদ্মকোষ ॥৫৭৩॥
ভৈল সাত দ্বীপ পাচে সাতসৰি দল ।
সুৱৰ্ণৰ মেৰু যেন কণিকা নিৰ্ম্মল ॥
বৰিষ বিভাগ সীমা গিৰি নিৰন্তৰ ।
যেন পক্ষীগণ জলে আতি মনোহৰ ॥৫৭৪॥
The "boundary mountains" (সীমা গিৰি) are compared to "a host of birds" (পক্ষীগণ). There is a great probability of the boundary mountains being the secondary bronchi, 3 on each side (counting the lingular on the left lung also). However, this needs further probing.
তাহাৰ ভিতৰে ইটো জম্বু দ্বীপখান |
লক্ষ প্ৰহৰৰ পন্থ বহলে প্ৰমাণ ||
সমান বৰ্ত্তুল পদ্মপত্ৰৰ অন্বয় |
তাতে নৱ বৰিষৰ বিভাগ আছয় ||৫৭৫||
একৈক বৰিষ নৱ হাজাৰ প্ৰহৰ |
পথালি বিস্তৰ সীমা পৰ্ব্বত ভিতৰ ||
আঠগোটা পৰ্ব্বত বিভাগ আছে তাত |
মাজে ইলাবৄত নামে বৰিষ প্ৰখ্যাত ||৫৭৬||
সুৱৰ্ণৰ মেৰুগিৰি তাৰ মধ্যস্থান |
লক্ষ প্ৰহৰৰ পথ উচ্ছ্ৰিত সুঠান ||
ষোড়শ হাজাৰ পোত পৃথিৱী তলত |
চৌৰাশী হাজাৰ তাৰ ৰৈলা উপৰত ||৫৭৭||
মেৰুৰ গুৰিত বেঢ় ষোড়শ হাজাৰ |
বত্ৰিশ হাজাৰ ভৈল উপৰে বিস্তাৰ ||
পদ্মৰ কণিকা যেন সাক্ষাতে তৃপিতি |
পৰম সুন্দৰ শৃঙ্গচয় চতুৰ্ভিতি ||৫৭৮||
সেহি মেৰুপৰ্ব্বতৰ গুৰিত চৌপাশে |
ইলাবৃত নামে এক বৰিষ প্ৰকাশে ||
একভিতি ভৈল নৱ হাজাৰ প্ৰহৰ |
যাত গৌৰীসমে ক্ৰীড়া কৰন্ত শঙ্কৰ ||৫৭৯||
উত্তৰত নীল শ্বেত শৃঙ্গৱন্ত নাম |
আছে সীমা দণ্ড তিনি পৰ্ব্বত উপাম ||
পথালি হাজাৰ দুই প্ৰহৰক জুৰি |
আছে পূৱ পশ্চিম সাগৰ সীমা কৰি ||৫৮০||
মাজে মাজে আছে তিনি বৰিষ তাহাৰ |
জুখিয়া সমান তুমি কৰিয়া বিচাৰ ||
নামত ৰম্যক হিৰণ্ময় তাত পাচে |
বৰিষ উত্তৰে কুৰু আছে তাৰ কাছে ||৫৮১||
দীৰ্ঘে পূৱ পশ্চিম সাগৰে সীমা তাৰ |
বহলে যোজন ভৈল নব্ব‍ই হাজাৰ ||
পূবে গন্ধমৰ্দ্দন পশ্চিমে মাল্যৱন্ত |
সীমা কৰি আছে কেতুমালা ভদ্ৰাশ্বত ||৫৮২||
ভদ্ৰাশ্বত পূৰ্ব্বত কেতুমাল পশ্চিমত |
আছে দুয়ো বৰিষ প্ৰৱেশি সাগৰত ||
দক্ষিণে নিষধ হেমকূট হিমালয় |
বিভাগিয়া এহি তিনি পৰ্ব্বত আছয় ||৫৮৩||
অযুত যোজন প্ৰহৰৰ পথচাৰ |
প্ৰস্থে জুৰি আছে পথ দুতয় হাজাৰ ||
হেনয় প্ৰমাণ সিটো গিৰি সমস্তৰ |
তিনিয়ো পৰ্ব্বতে আছে প্ৰৱেশি সাগৰ ||৫৮৪||
তাৰ মাজে আছে হৰি বৰিষ প্ৰথম |
আছে কিম্পুৰুষ আৰ ভাৰত উত্তম ||
আছে চাৰি গিৰিস্তম্ভ মেৰু পৰ্ব্বতৰ |
সুপাৰ্শ কুমুদ মেৰু মন্দৰ সুন্দৰ ||৫৮৫||
অযুত যোজন উচ্চ তাৱত বহল |
দেৱতাসৱৰ সিটো বিহাৰৰ স্থল ||
চাৰি গোটা বৃক্ষ আছে চাৰিয়ো গিৰিত |
একৈক এঘাৰ শত প্ৰহৰ উচ্ছ্ৰিত ||৫৮৬||
হাজাৰ প্ৰহৰ পথ বেঢ়িছে চৌপাশে |
নামে আম জাম কদম্ব প্ৰকাশে ||
চাৰি গোটা ধ্বজ যেন চাৰিয়ো পৰ্ব্বত |
শুনা যেন ফল লাগে একৈক গছত ||৫৮৭||
দিব্য আম গছ আছে মন্দৰ শিখৰে |
গিৰিশৃঙ্গ সম তাৰ ফলচয় সৰে ||
সাক্ষাতে অমৃতময় স্বাদ মনোহৰ |
পকা ফল অনেক সৰয় নিৰন্তৰ ||৫৮৮||
তাৰ সুবাসিত ৰস প্ৰচুৰ মধুৰ |
অৰুণোদা নামে নদী বহে বহুদূৰ ||
মন্দৰ গিৰিৰ হন্তে পৰি বহি যায় |
পূৰ্ব্ব দিশে সিটো ইলাবৃতক বুৰাই ||৫৮৯||
ভৱানীৰ অনুচৰী যক্ষ নাৰী যত |
কৰে স্নান পান সেই নদীৰ জলত ||
শত যোজনৰ পথ জুৰি সমুদায় |
তাসম্বাৰ দেহাৰ সুৰভি বায়ু যায় ||৫৯০||
মেৰুমন্দৰত জম্বু বৃক্ষ প্ৰকাশয় |
মহামত্ত হস্তী সম তাৰ ফলচয় ||
পকি পকি পৰে তল ঢাকি নিৰন্তৰ |
তাৰ ৰসে নদী এক বহে নিৰন্তৰ ||৫৯১||
জম্বু নদী নামে মেৰুমন্দৰ চড়ায় |
অযুত যোজন উচ্চ হন্তে নামি যায় ||
দক্ষিণে বহয় ইলাবৃত বৰিষত |
তাৰ ৰসে কৰ্দ্দম মৃত্তিকা আছে যত ||৫৯২||
আদিত্যৰ ৰশ্মি বায়ু সংযোগে বহৱে |
জম্বু নদে সুৱৰ্ণসকল তাৰ হোৱে ||
দেৱতাসৱৰ সিটো পৰম ভূষণ |
কদাচিতো তাক নপাৱয় আন জন ||৫৯৩||
মুকুট কুণ্ডল হাৰ তাৰৰ বলয় |
নানাবিধ অলঙ্কাৰ কৰি গঢ়াৱয় ||
পিন্ধে অপেস্বৰা সমে দেৱতাসকল |
ফুৰে নানাবিধ ক্ৰীড়া কৰি কৌতূহল ||৫৯৪||
সুপাৰ্শ্ব উপৰে আছে কদম্ব উচ্ছ্ৰিত |
হোৱে মধু তাৰ পাঞ্চ কোটৰে বিদিত ||
পঞ্চধাৰ হুয়া গিৰি শিখৰ চড়ায় |
পশ্চিমৰ ইলাবৃত বৰিষক যায় ||৫৯৫||
দেৱগণ গৈয়া তাত মধু কৰে পান |
মত্ত হুয়া ক্ৰীড়া কৰি ফুৰে নানা স্থান ||
তাসম্বাৰ মুখৰ সুৰভি বায়ু যায় |
শতেক প্ৰহৰ পথ জুড়িয়া গন্ধায় ||৫৯৬||
শতবল্লী বট আছে কুমুদ শিখৰে |
তাৰ গন্ধে হন্তে বাজ হৱে নিৰন্তৰে ||
দধি দুগ্ধ ঘৃত মধু গুড় অন্ন জল |
ধাৰাসাৰে বহি যায় পৰম নিৰ্ম্মল ||৫৯৭||
উচ্ছ্ৰিত কুমুদ গিৰি শিখৰ চড়ায় |
উত্তৰ ভিতিৰ ইলাবৃতে পৰে যায় ||
সমীপত থাকি তাক ভুঞ্জে প্ৰাণী যত |
ছাড়ি অনুতাপ মিলে সন্তোষ মনত ||৫৯৮||
ক্ষুধা তৃষ্ণা আধি ব্যাধি জড়া মৃত্যু ভয় |
আনো উপসৰ্গ পীড়া যতেক আছয় ||
গুচে সৱে সিটো শুদ্ধ দ্ৰব্যৰ ভোজনে |
জীয়ে মানে থাকে প্ৰজা আনন্দিত মনে ||৫৯৯||
আৰো সেহি চাৰি গিৰি শিখৰ উপৰ |
আছে চাৰিখান মনোনীত সৰোবৰ ||
একো সৰোবৰে শত যোজনক জুৰি |
আছে দধি দুগ্ধ গুড় জলে ভৰি পূৰি ||৬০০||
গন্ধৰ্ব্বসকলে তাত কৰি স্নান পান |
যোগৰ ঐশ্বৰ্য্যমানে পাৱে বিদ্যমান ||
নন্দন বনক আদি দেৱৰ উদ্যান |
সেহি চাৰি পৰ্ব্বতত আছে চাৰি থান ||৬০১||
বৰ বৰ দেৱগণ দেৱী সঙ্গ কৰি |
সেহি বনে ফুৰে নানা বিনোদ আচৰি ||
গন্ধৰ্ব্বসকলে বেঢ়ি গাৱে নানা গীত |
ফুৰে মধুগন্ধ লোভে হুয়া প্ৰতিনিত ||৬০২||
আৰো সুমেৰুৰ ঢোকা আছে আঠ গিৰি |
আঠ দিশে আঠগোটা পৰ্ব্বতে আৱৰি ||
দীঘলে আঠাৰ হাজাৰৰ পথ যাৰ |
পুতলে হাজাৰ দুই প্ৰহৰ বিস্তাৰ ||৬০৩||
আছে সুমেৰুৰ চৌপাশক জান্তি ধৰি |
নপাৰে চলিতে যেন একো ভিতি গুড়ি ||
অষ্টাদশ ক্ষুদ্ৰ গিৰি আছে মেৰুমূলে |
বেঢ়ি কৰ্ণিকাক যেন কেশৰসকলে ||৬০৪||
কেৱল সুৱৰ্ণ মেৰু কৰে জল মল |
অগনি সদৃশ জ্বলে পৰম নিৰ্ম্মল ||
শতকুম্ভী নামে আছে ব্ৰহ্মাৰ নগৰী |
মেৰুৰ উপৰে মধ্যস্থানে আছে কৰি ||৬০৫||
অযুত যোজন স্থলী চৌফালে সমান |
কৰি আছে বিশ্বকৰ্ম্মে শিল্প নানা স্থান ||
তাৰ আঠ দিশে আছে আঠখান পুৰী |
পাঞ্চশত দুই হাজাৰৰ পথ জুৰি ||৬০৬||
বাসৱ প্ৰমুখ্যে দিগপাল সমস্তৰ |
নানাবিধ বৰ্ণে জ্বলে ক্ৰমে দিব্যঘৰ ||
মাজ নগৰীৰ বিধাতাৰ চৌচ’ৰাত |
বসে গৈয়া ত্ৰিদশ দেৱতা অসংখ্যাত ||৬০৭||
বাৱে তাল যন্ত্ৰ বীণা অনেক বিধান |
যাত বসি ব্ৰহ্মা আসি কৰন্ত দেৱান ||
যতেক গোচৰ কৰে পাৱে আসি খেদ |
বুজিয়া সৱাৰে তাৰ দেন্ত পৰিচ্ছেদ ||৬০৮||
ইদানিক শুনা জম্বুদ্বীপৰ বিধান |
সুমেৰু জুৰিছে ষোল হাজাৰ প্ৰমাণ ||
ইলাবৃত বৰিষৰ বুজিয়ো বিচাৰ |
দুইভিতি আঠাৰ হাজাৰ হৱে তাৰ ||৬০৯||
আন ছয় বৰিষৰ বুজিয়ো প্ৰমাণ |
চাৰিধিক পঞ্চম হাজাৰ তাৰ স্থান ||
দ্বাদশ হাজাৰ গণি ছয় পৰ্ব্বতৰ |
সমানে পৰিয়া সূতা দক্ষিণে উত্তৰ ||৬১০||
এহিমতে জম্বুদ্বীপ কহয় লক্ষক |
পশ্চিম পূৰ্ব্বত দীৰ্ঘে লাগে বুজিবাক ||
চাৰিধিক ত্ৰিশ হাজাৰ জুড়িচয় |
মেৰুৰ দুইপাশে ইলাবৃতে প্ৰকাশয় ||৬১১||
আৰো দুই সীমা গৈল চতুৰ্থ হাজাৰ |
তাৰ দুই পাশে দুই বৰিষ বিস্তাৰ ||
দুতয় অধিক ষাঠি হাজাৰ প্ৰহৰ |
সমুদ্ৰ প্ৰৱেশি দুয়ো আতি দীৰ্ঘতৰ ||৬১২||
এহিমতে পূৰ্ব্ব পৰে লেখা অনুসৰি |
জম্বুদ্বীপ লক্ষ প্ৰহৰৰ সীমা ধৰি ||
শুনা সভাসদ পদ মহাভাগৱত |
বিৰাট ৰূপৰ মনোহৰ কথা যত ||৬১৩||
ইহাৰ শ্ৰৱণে মিলিবেক বিৰকতি |
তেৱেসে কৃষ্ণৰ পাৱে মিলিবে ভকতি ||
হেন জানি ছাড়া মিছা বিষয়ৰ কাম |
কহে অনিৰুদ্ধ সৱে বোলা ৰাম ৰাম ||৬১৪||
#Bhagavata #translation #rendering #microcosm #GeographyOfThePuranas #Assamese
Missing some Tweet in this thread?
You can try to force a refresh.

Like this thread? Get email updates or save it to PDF!

Subscribe to Arunava
Profile picture

Get real-time email alerts when new unrolls are available from this author!

This content may be removed anytime!

Twitter may remove this content at anytime, convert it as a PDF, save and print for later use!

Try unrolling a thread yourself!

how to unroll video

1) Follow Thread Reader App on Twitter so you can easily mention us!

2) Go to a Twitter thread (series of Tweets by the same owner) and mention us with a keyword "unroll" @threadreaderapp unroll

You can practice here first or read more on our help page!

Follow Us on Twitter!

Did Thread Reader help you today?

Support us! We are indie developers!


This site is made by just three indie developers on a laptop doing marketing, support and development! Read more about the story.

Become a Premium Member ($3.00/month or $30.00/year) and get exclusive features!

Become Premium

Too expensive? Make a small donation by buying us coffee ($5) or help with server cost ($10)

Donate via Paypal Become our Patreon

Thank you for your support!