, 37 tweets, 9 min read
My Authors
Read all threads
ভাৰতীয় সংবিধানৰ 5ৰ পৰা 11 অনুচ্ছেদ নাগৰিকত্বৰ ওপৰত । 1955 চনত নাগৰিকত্ব আইন প্ৰনয়ন হয় । এই আইন বিভিন্ন কাৰণত বিভিন্ন সময়ত সংশোধন কৰিব লগীয়া হৈছে । 1986, 1992, 2003, 2005, 2015 আৰু 2019 চনত সংশোধন হয় । @TapanChangmai1 @abhinabsharma11 @himantabiswa @sarbanandsonwal
#CAA2019
1947 চনত ভাৰত আৰু পাকিস্তান ধৰ্মৰ ভিত্তিত বিভাজন হৈছিল ।
জন্ম সূত্ৰে ভাৰত এখন হিন্দু ৰাষ্ট্ৰ । পাচত ভাৰতীয় সংবিধানত প্ৰক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ধৰ্ম নিৰপেক্ষ শব্দৰ সংযোজন কৰি ধৰ্ম নিৰপেক্ষ দেশ কৰে ।
#Assam #CAA2019
বিভাজনৰ সময়ত বহু সংখ্যক হিন্দু, শিখ, জৈন, বৌদ্ধ আৰু পাৰ্ছী লোক পাকিস্তানত থাকিল আৰু কিছুসংখ্যক মুছলমান ভাৰতত থাকিল । বিভাজনৰ পাচত হিন্দু আৰু অন্যান্য ধৰ্মাৱলম্বী লোকসকলৰ ওপৰত অবৰ্ণনীয় অত্যাচাৰ চলিল, বহু লোক আহি ভাৰত সোমালোহি ।
#CAA2019
1950 চনত পাকিস্তানৰ প্ৰধানমন্ত্ৰী লিয়াকট আলি খানৰ লগত ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ চুক্তি হ'ল
চুক্তি অনুসৰি দুয়ো দেশৰ সংখ্যালঘু লোকক দুয়ো দেশে সুৰক্ষা দিবলৈ মান্তি হ'ল।
চুক্তিৰ লগত সংগতি ৰাখি নেহেৰুৱে ক'লে পাকিস্তানত থকা হিন্দু, জৈন আৰু শিখ সকলৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি সদায় অভিভাৱক হৈ থাকিব ।
ভাৰতে চুক্তি অনুসৰি ভাৰতৰ মুছলমান সকলক সকলো দিশতে বিশেষ স্থান দিলে আনকি ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত কৰিলে ।
কিন্তু পাকিস্তানত থকা সংখ্যালঘু সকল উচ্চ পদ দূৰৰে কথা সামান্য সুৰক্ষাৰ পৰাও বঞ্চিত হয় ।
ধৰ্মীয় উত্পীৰণৰ পৰা ৰক্ষা পাবৰ বাবে সেয়ে বিভিন্ন সময়ত পাকিস্তানৰ পৰা ভাৰতত বহুত লোক শৰনাৰ্থী হয় ।
বাংলাদেশ স্বাধীন হোৱাৰ পিছত বহু সংখ্যক হিন্দু লোক ধৰ্মীয় উত্পীৰণৰ পৰা ৰক্ষা পাবৰ বাবে ভাৰতত অৰ্থাৎ অসম আৰু পশ্চিম বঙ্গত শৰনাৰ্থী হ'ল।
তাৰ পিছত আফগানিস্তানৰ পৰাও কিছুসংখ্যক হিন্দু, শিখ আৰু জৈন ধৰ্মীয় লোক ভাৰতত শৰনাৰ্থী হয়। ভাৰত চৰকাৰে বিভিন্ন সময়ত পাকিস্তান , বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা শৰনাৰ্থী সকলক অসম, পশ্চিমবংগ, গুজৰাট, ৰাজস্থান আৰুি দিল্লীত থাকিবলৈ দিলে ।
নাগৰিকত্ব সংশোধনী আইন কিয় লাগে----
এই শৰনাৰ্থী সকলক ভাৰত চৰকাৰে থাকিবলৈ দিলে, ব্যৱসায় বাণিজ্য কৰিব পাৰিলে যদিও নাগৰিকত্ব নথকা বাবে ভাৰতৰ বহুত অসুবিধা হয় । #CAA2019
ত্ৰিশ চল্লিশ বছৰ ভাৰতত থাকিলে , ৰেছন কাৰ্ড, আধাৰ কাৰ্ড, গাড়ীৰ লাইচেঞ্চ পালে যদিও তেওঁলোকে ভাৰতীয় নাগৰিক নোহোৱা বাবে জনসংখ্যা গননাতো নপৰে আৰু ভাৰত চৰকাৰে কোনো কৰো আদায় কৰিব নোৱাৰে ।
এই লোক সকল যদিও বে আইনী হিচাবে থকা নাই তথাপিও আইনৰ ভিতৰতো নাহে । এই কথা বিলাকৰ মাজত ভাৰসাম্য ৰাখিবলৈ নাগৰিকত্ব সংশোধনী আইন 2019 ৰ আবশ্যক হৈছে ।
এই আইন লৈ কিছুমান ভূল বুজা বা বহু লোকে দুমোজাত আছে ।
1)এই আইনে মুছলমান সকলক কিয় সামৰি লোৱা নাই বা হিন্দু মুছলমানৰ মাজত ভাগ কৰিছে বা এই আইন কিয় ধৰ্মৰ ভিত্তিত হৈছে ?
পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ সংবিধান অনুসৰি এই তিনিও খন মুছলমান দেশ । তেনে ক্ষেত্ৰত মুছলমান সকল ভাৰতৰ শৰনাৰ্থী হোৱা নাই ।
2) এই আইন ভাৰতৰ কোনো নাগৰিকৰ বাবে নহয় সেয়ে ভাৰতৰ মুছলমান সকলৰ নাগৰিকত্বৰ বাবে চিন্তা কৰিব নালাগে ।
শৰনাৰ্থী আৰু অনুপ্ৰবেশকাৰী শব্দ দুটাৰ অৰ্থ সম্পূৰ্ণ সুকীয়া কিয়নো শৰনাৰ্থী বৈধ ভাবে ভাৰতত আছে আৰু অনুপ্ৰবেশকাৰী অবৈধ ভাৱে আছে । এই আইন শৰনাৰ্থীৰ বাবে হে অনুপ্ৰবেশকাৰী বাবে নহয় ।
4) এই আইন 2014 চনৰ 31 ডিচেম্বৰৰ আগতে অহা শৰনাৰ্থীৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব । ভাৰতত শৰনাৰ্থীৰ ক্ষেত্ৰত কোনো সময় সীমা বান্ধি দিয়া নাছিল । এই আইনে সেই আসোঁৱাহ দূৰ কৰিব ।
এই আইন কৰাৰ আগতে ভাৰত চৰকাৰে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন সংগঠনৰ লগত 2016 চনৰ পৰা আলোচনা কৰি আহিছে । অসম চুক্তি খন যাতে উলংঘা নহয় সেইবাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব দিছে ।
এই আইনৰ লগত অসমচুক্তি কেনেকৈ আহিল -----
বাংলা দেশ স্বাধীন হোৱাৰ পিছত হিন্দু শৰনাৰ্থী সকলৰ উপৰিও বহু সংখ্যক মুছলমান অনুপ্ৰবেশকাৰী অসমলৈ আহিছিল ।এই লোক সকলে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিলৈ ভাবুকি আনি দিলে । লগতে অসমে বৃহৎ সংখ্যক অবৈধ বিদেশীৰ বোজা লব লগীয়া হয় ।
সেই বাবে অসমত অবৈধ বিদেশী উলিয়াবলৈ 1979 চনৰ পৰা আন্দোলন আৰম্ভ হ 'ল । ছয় বছৰ চলি থকা এই আন্দোলন 1985 চনত অন্ত পৰিল ,যেতিয়া ভাৰতৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী ৰাজিব গান্ধীয়ে আন্দোলনৰ গুৰিসকলৰ লগত চুক্তি স্বাক্ষৰিত কৰিলে ।
চুক্তি অনুসৰি অসমত থকা বিদেশী অনুপ্ৰবেশকাৰী সকলক চিনাক্ত কৰি ঘুৰাই পঠোৱা কে ধৰি অসমৰ উন্নয়নৰ বহুকেইটা দিশ সামৰি লোৱা হয় ।
এই চুক্তিৰ ছয় নম্বৰ দফা অনুসৰি অসমৰ খিলঞ্জীয়া লোকসকলৰ ভাষা ,সংস্কৃতি , পৰম্পৰা আৰু সামাজিক সুৰক্ষাৰ সংবিধানিক ৰক্ষণাবেক্ষণ দিব ।
যিহেতু অসম চুক্তি অবৈধ বিদেশী বাংলা দেশীৰ বাবে হৈছিল ইয়াত হিন্দু মুছলমানদুয়োটাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব । কিন্তু নাগৰিকত্ব সংশোধনী আইন অনুসৰি অসমত থকা হিন্দু সকলক নাগৰিকত্ব দিবলৈ বিচাৰিছে । এই কথাত সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন সংগঠনে আপত্তি কৰিছে ।
1985 চনত স্বাক্ষৰিত হোৱা অসম চুক্তিৰ কেইটামান দফা হে ইমান বছৰে ৰূপায়ণৰ ব্যৱস্থা হৈছে কিন্তু চুক্তিৰ প্ৰাণ স্বৰূপ বিদেশী চিনাক্তকৰণ আৰু বহিষ্কাৰ আৰু অসমৰ খিলঞ্জীয়া লোকসকলৰ বিভিন্ন দিশত সংবিধানিক ৰক্ষণাবেক্ষণ দিয়া বিষয় কেইটাৰ কামেই আৰম্ভ নহ'ল ।
বৰ্তমানৰ চৰকাৰে অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণ কৰিবৰ বাবে গুৰুত্ব দি ছাত্ৰ সন্থাকে ধৰি বিভিন্ন সংগঠন সমূহক নতুন আইনে অসমৰ খিলঞ্জীয়া লোকসকলক সম্পূৰ্ণ সুৰক্ষা দিব বুলি বহু বাৰ আশ্বাস দিছে ।
কিন্তু ছাত্ৰ সন্থাকে ধৰি বিভিন্ন সংগঠন সমূহে এই আশ্বাস মানি লবলৈ টান পাইছে । বিভিন্ন সময়ত বিভিন্ন চৰকাৰে বহুত আশ্বাস দিলে কিন্তু কামত নহ'ল ।
সেয়ে এই আইনৰ বিৰোধ কৰি আন্দোলন আৰম্ভ কৰিছে ----
1) আন্দোলনকাৰীৰ মতে এই আইনে অসম চুক্তিক নস্যাত্ কৰিব ।
ঐতিহাসিক অসম চুক্তিক সন্মান জনাই বৰ্তমানৰ চৰকাৰে 2016 চনৰ পৰা সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন সংগঠনৰ লগত আলোচনা কৰি আহিছে ।
2) অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণ কৰিবৰ বাবে প্ৰাক্তন ন্যায়ধীসক লৈ কমিটি গঠণ হৈছে কাম আৰম্ভ হৈছে ।
3) অসম চুক্তি অনুসৰি বিদেশী অনুপ্ৰবেশকাৰীৰ ভিত্তি বছৰ 1971 চন ধৰা হৈছিল, কিন্তু এই আইন মতে শেষ সীমা 2014 চনৰ 31 ডিচেম্বৰ ।
অসমে 1971 চনৰ পৰা 2014 চনৰ ভিতৰৰ অধিক বোজা লব নোৱাৰে বুলি বিভিন্ন সংগঠনে এই আইনক নামানে বুলি কৈছে ।
এই বিষয় কেইটা যদিও দেখাত বৰ গুৰুত্বপূৰ্ণ কিন্তু প্ৰকৃততে এই এটাও বিষয় চিন্তা কৰিব লগীয়া নহয় । কিয়নো ----
1) এই আইন অবৈধ বিদেশী অনুপ্ৰবেশকাৰীৰ বাবে নহয় কেবল মাত্ৰ বৈধ শৰনাৰ্থীৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব ।
2) অসমত থকা যিসকল হিন্দু শৰনাৰ্থীক নাগৰিকত্ব দিবলৈ বিচাৰিছে সেই সকলে আগৰ চৰকাৰে আইনগত ভাৱে অসমত থাকিবলৈ দিছে । যি সকলে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ মাজত বছৰ ধৰি বছৰ আছে ।
3) নতুনকৈ আৰু কোনো লোক অসমলৈ বা ভাৰতলৈ আহিব নোৱাৰে সেই সুৰক্ষা এই আইনে দিছে ।
4) অসমলৈ 1971 চনৰ পাছত অনুপ্ৰবেশকাৰীহে আহিছে শৰনাৰ্থী অহা নাই । সেয়ে অসমে অতিৰিক্ত বোজা লব নালাগে । #CitizenshipAmendmentAct
Missing some Tweet in this thread? You can try to force a refresh.

Enjoying this thread?

Keep Current with Jhoola Sharma

Profile picture

Stay in touch and get notified when new unrolls are available from this author!

Read all threads

This Thread may be Removed Anytime!

Twitter may remove this content at anytime, convert it as a PDF, save and print for later use!

Try unrolling a thread yourself!

how to unroll video

1) Follow Thread Reader App on Twitter so you can easily mention us!

2) Go to a Twitter thread (series of Tweets by the same owner) and mention us with a keyword "unroll" @threadreaderapp unroll

You can practice here first or read more on our help page!

Follow Us on Twitter!

Did Thread Reader help you today?

Support us! We are indie developers!


This site is made by just three indie developers on a laptop doing marketing, support and development! Read more about the story.

Become a Premium Member ($3.00/month or $30.00/year) and get exclusive features!

Become Premium

Too expensive? Make a small donation by buying us coffee ($5) or help with server cost ($10)

Donate via Paypal Become our Patreon

Thank you for your support!