, 18 tweets, 5 min read
My Authors
Read all threads
অসমৰ মুছলমান সকলৰ কথা কৈ প্ৰায়ে অসমৰ বাহিৰত গৰ্ব অনুভৱ কৰিছিলো । অসমীয়া খিলঞ্জীয়া মানুহৰ মাজত হিন্দু মুছলমানৰ ব্যৱধান বৰ কম । কিন্তু সময়ৰ সোঁতত কেতিয়া এই ব্যৱধান বাঢ়ি গল ধৰিবই নোৱাৰিলো । এতিয়া দেখিছো সাহিত্য সভাও দুভাগ হৈ ইছলামিক সাহিত্য সভা গঠন হৈছে ।
১৯৪৭ চনত ধৰ্মৰ ভিত্তিত ভাৰত বিভাজন হয় । এতিয়া আকৌ ধৰ্মৰ ভিত্তিত ভাষা সাহিত্যৰ বিভাজন অসমত হবলৈ গৈ আছে ।
ভাৰত বিভাজনৰ সত্তৰ বছৰৰ পাছত আমি অনুভৱ কৰিছো কিমান যে ভূল কৰিলে । এতিয়া অসমত ভাষা সাহিত্যৰ বিভাজনৰ ভূল আমাৰ নাতি-পুতিয়ে যেতিয়া অনুভৱ কৰিব তেতিয়া শুধৰণিৰ সময় নাথাকিব ।
অসমত কেতিয়াৰ পৰা মুছলমান ধৰ্মৰ লোক আছে সেই কথা ইতিহাসৰ পাত লুটিয়াই ছোৱাৰ লগতে ইবন্ বটুটাৰ টোকা, কেইবাজনো ভ্ৰমণকাৰীৰ টোকা আৰু অসমৰ বিভিন্ন ঠাইৰ কিছু সম্ভাৰ গোটেইছিলো ।
অষ্টম শতিকাত প্ৰথম মুছলমান ধৰ্মৰ লোক অসমলৈ অহা বুলি 'বৃহত্তৰ চিলেটৰ ইতিহাসত' উল্লেখ আছে । সেই সময়ত তুৰ্কীস্তান লোক আৰু আৰবৰ বেপাৰী চীন দেশ আৰু ব্ৰহ্মদেশ হৈ অসমলৈ আহে। এঘাৰশ আৰু বাৰশ শতিকাত কেইবাজনো ইছলাম ধৰ্ম প্ৰচাৰক অসমলৈ আহে।
বৰ্তমানৰ মঙ্গলদৈৰ ওচৰৰ মুছলিমঘোপাৰ মুছলমান সকলে নিজকে তুৰ্কী সৈনিকৰ বংশধৰ বুলি কয় ।
কবলৈ গলে অসমলৈ মুছলমান লোকৰ প্ৰবজন আহোম সকলতকৈ আগতে হোৱা বুলি কব পাৰি
অসমৰ মুছলমান সকলক অসমীয়া মুছলমান আৰু বঙালী মুছলমান দুটা ভাগত ভগাব পাৰি ।
১২০৪ চনৰ পৰা ১৬৭৯ লৈকে অসমত কমেও ১৯ বাৰ বঙ্গত থকা মুছলমান শাসকে অভিযান চলাইছিল । এই অভিযান বিলাকত অহা সৈন্য সামন্ত কিছু সংখ্যক অসমৰ বিভিন্ন ঠাইত থাকি যায় ।
আহোম সকলৰ ছশ বছৰীয়া ৰাজত্ব কালত মোগলে বহু বাৰ অসম আক্ৰমণ কৰে । এই আক্ৰমণ বিলাকত কিছুসংখ্যক মোগল সৈন্যই দেশলৈ ঘূৰি নগৈ অসমৰ বিভিন্ন ঠাইত বিভিন্ন সময়ত থাকিবলৈ লয়। এই মুছলমান সকল সৈনিক, আৰু লগত অহা তৰোৱাল তৈয়াৰ কৰা ,ধৰোৱা , খাৰ বাৰুদ তৈয়াৰ কৰা লোক আছিল ।
ইয়াৰ উপৰিও আহোম ৰজা সকলে বিভিন্ন সময়ত শিল্পী, স্থাপত্য শিল্পৰ লোক , কাপোৰ ববৰ বাবে লোক, হিচাব নিৰিক্ষক , গুণী জ্ঞানী মুছলমান লোক অসমৰ বাহিৰৰ পৰা আনি অসমত থাকিবলৈ দিয়ে । কিছুমান মুছলমান ধৰ্ম গুৰুক দেবান উপাধি দি বিনা শুল্কৰ মাটি দান কৰিছিল।
এইসকলৰ অধিকাংশৰ লগত মহিলা অহা নাছিল।তেওঁ লোকে অসমৰ ছোৱালী বিয়া কৰাই অসমৰ জন জীৱনৰ লগত মিলি গৈছিল। মহিলা অহা সকলেও তেওঁ লোকেও অসমীয়া খিলঞ্জীয়াৰ লগত মিলি গৈছিল।এই অসমীয়া মুছলমান সকলে মেখেলা চাদৰ পিন্ধি, খাৰ খাই, বিহু পাতি বৃহত্তৰ অসমীয়া জাতি গঠনত আজিও অৰিহণা যোগাই আহিছে ।
সম্ভৱত ১৬৩৫ চনত বাগদাদৰ পৰা আজান ফকিৰে ধৰ্মৰ বতৰা লৈ অসমলৈ আহি ব্ৰহ্মপুত্ৰ উপত্যকাৰ কিছুসংখ্যক লোকক ইছলাম ধৰ্ম লৈ পৰিবৰ্তন কৰে।
আন এজন ধৰ্ম প্ৰচাৰক বগা ছাহ বৰ্তমানৰ উত্তৰ প্ৰদেশৰ পৰা আহি বহু সংখ্যক লোকক ইছলাম ধৰ্ম দিয়ে ।আমাৰে পূৰ্বজ, এই সকলে অসমীয়া মুছলমানৰ সংখ্যা বঢ়ালে ।
১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পাছত অসম বৃটিছৰ হাতলৈ যায়।বৃটিছে অসমত কাম কাজ চলাবলৈ বঙালী মানুহ বঙ্গৰ পৰা আনে।এই বঙালী সকল হিন্দু আৰু মুছলমান দুয়ো ধৰ্মৰে লোক আছিল।এয়ে প্ৰথম বঙালী মুছলমানৰ অসমলৈ আগমন বুলি কব পাৰি।ইয়াৰ পাচত বিভিন্ন সময়ত পূৰ্ব বংগৰ পৰা মুছলমান সকলৰ অসমলৈ প্ৰব্ৰজন।
অসমীয়া মুছলমান সাহিত্যিক ভিতৰত চৈয়দ আব্দুল মালিক ডাঙৰীয়া আৰু আব্দুল ছাত্তাৰ ডাঙৰীয়াক বিশেষ ভাবে লগ পোৱাৰ সুবিধা হৈছিল । তাহানি দেউতাৰ ঘৰৰ পুথিভঁৰাল টোত বহি কিমান সাহিত্যৰ চৰ্চা হৈছিল আজিও মনত পৰে ।
চৈয়দ আব্দুল মালিক ডাঙৰীয়া অসম সাহিত্য সভাৰ সভাপতিও আছিল । কেতিয়াও হয়তো মালিক ডাঙৰীয়াই ভবাই নাছিল এদিন অসমীয়া ভাষা সাহিত্য ধৰ্মৰ ভিত্তিত দুভাগ হব আৰু অসমত ইছলামিক সাহিত্য সভা এখনৰ জন্ম হব ।
#জয়_অসম_জননী
Missing some Tweet in this thread? You can try to force a refresh.

Enjoying this thread?

Keep Current with Jhoola Sharma

Profile picture

Stay in touch and get notified when new unrolls are available from this author!

Read all threads

This Thread may be Removed Anytime!

Twitter may remove this content at anytime, convert it as a PDF, save and print for later use!

Try unrolling a thread yourself!

how to unroll video

1) Follow Thread Reader App on Twitter so you can easily mention us!

2) Go to a Twitter thread (series of Tweets by the same owner) and mention us with a keyword "unroll" @threadreaderapp unroll

You can practice here first or read more on our help page!

Follow Us on Twitter!

Did Thread Reader help you today?

Support us! We are indie developers!


This site is made by just three indie developers on a laptop doing marketing, support and development! Read more about the story.

Become a Premium Member ($3.00/month or $30.00/year) and get exclusive features!

Become Premium

Too expensive? Make a small donation by buying us coffee ($5) or help with server cost ($10)

Donate via Paypal Become our Patreon

Thank you for your support!